মণিপুৰৰ টুপুলত উদ্ধাৰ হোৱা অসমৰ পাঁচজন লোকসহ আজি মণিপুৰৰ পৰা মন্ত্ৰী পীয়ূষ হাজৰিকাই বিমানযোগে গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে সংবাদ মাধ্যমক অৱগত কৰে যে তেওঁৰ লগত উপস্থিত হোৱা পাঁচোজন লোকক মৰিগাঁও জিলা প্ৰশাসনে নিজ নিজ ঘৰলৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। উদ্ধাৰ হোৱা লোককেইজন হ’ল ক্ৰমে মণিৰাম ফুকন, ৰমেন ফুকন, মহেশ্বৰ ফুকন, জোন বসুমতাৰী আৰু প্ৰহ্লাদ বসুমতাৰী।
Landed in LGBI Airport,Guwahati today with the injured persons of Manipur landslide incident.
Initiated their health check up & sent them to their respective homes in Morigaon with the help of district administration. (1/2) pic.twitter.com/rpACqWqcvX— Pijush Hazarika (Modi ka Parivar) (@Pijush_hazarika) July 4, 2022
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁৰ হাতত থকা তথ্য অনুসৰি মণিপুৰৰ টুপুলত সংঘটিত ভূমিস্খলনথলীত অসমৰ মুঠ ২৬ জন লোক আছিল। তাৰ ভিতৰত ২৪ জন কনষ্ট্ৰাকচন কোম্পানীত কাম কৰিবলৈ যোৱা শ্ৰমিক আছিল। এই ২৪ জন শ্ৰমিকৰ বাহিৰে এগৰাকী বজালীৰ আৰ্মীৰ জোৱানৰ এই ঘটনাত মৃত্যু হৈছে আৰু তেওঁৰ মৃতদেহ ইতিমধ্যে অসমলৈ অনা হৈছে। আনহাতে গোলকগঞ্জ নিৱাসী এজন ৰে’লৱেৰ ইঞ্জিনীয়াৰ বৰ্তমানেও সন্ধানহীন হৈ আছে। আজি অসমলৈ ঘূৰি অহা পাঁচোজন লোক বৰ্তমান সংকটমুক্ত বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
উল্লেখ্য যে, এই পৰ্যন্ত মণিপুৰত অসমৰ ৯ জন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে তাৰে ৮ জনৰ মৃতদেহ অসম পাইছেহি বুলিও উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে ৰবিবাৰে ঘটনাস্থলীত উদ্ধাৰ হোৱা আন এগৰাকী লোকৰ মৃতদেহ অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে বুলিও উল্লেখ কৰে। বৰ্তমানেও ১২ জন অসমৰ লোক সন্ধানহীন বুলিও সংবাদ মাধ্যমৰ আগত তেওঁ অৱগত কৰে।