ৰাজ্যত দুৰ্নীতি নিৰ্বাৰক শাখাৰ অভিযানত প্ৰতিদিনেই জালত পৰিছে ইজনৰ পিছত সিজনকৈ ঘোচখোৰ চৰকাৰী কৰ্মচাৰী। তথাপিও যেন একেদৰেই অব্যাহত আছে বিষয়া–কৰ্মচাৰীৰ টকাৰ লালসা। বৃহস্পতিবাৰে ধেমাজি জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত চলা দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত জিলা পৰিবহণ প্ৰাধিকাৰী শাখাৰ জ্যেষ্ঠ সহায়ক গোবিন বৰদলৈক গ্ৰেপ্তাৰ কৰা হয়।
Continued offensive against corruption. Sri Gobin Bordoloi,Senior Assistant of DTO Office Dhemaji has been trapped and arrested red handed today by team of @DIR_VAC_ASSAM while accepting demanded money for renewal of trade license of E-Rickshaw shop @assampolice @CMOfficeAssam pic.twitter.com/ROwiIe21Yq
— GP Singh (@gpsinghips) August 25, 2022
ই-ৰিক্সা ডিলাৰৰ ট্ৰেড লাইচেন্স নবীকৰণৰ বাবে দাবী কৰা ধন গ্ৰহণ কৰাৰ সময়তে গোবিন বৰদলৈক গ্ৰেপ্তাৰ কৰা হয় ৷ ধেমাজি ডি টি অ’ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক গোবিন বৰদলৈক অসম দুৰ্নীতি নিবাৰক আৰু নিৰীক্ষণ বিভাগৰ দলে উৎকোচ লোৱাৰ সময়ত হাতে-লোটে গ্ৰেপ্তাৰ কৰে ৷
উল্লেখ্য, দুৰ্নীতি নিবাৰকৰ দলটোৱে ধৃত বৰদলৈৰ ঘৰতো অভিযান চলায় ৷ অভিযানৰ অন্তত ধৃত বৰদলৈক গুৱাহাটীস্থিত কাৰ্যালয়লৈ লৈ যায় ৷