গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতাল (GMCH) ত সংঘটিত হৈছে এক আত্মহত্যাৰ ঘটনা। GMCH ৰ আই.চি.ইউৰ টেকনিচিয়ান এগৰাকীয়ে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আত্মহত্যা কৰা কৰ্মচাৰীজনৰ নাম পাপু দাস। নিজ শৰীৰত বিষাক্ত বেজী লৈ আত্মহত্যা কৰে কৰ্মচাৰীজনে। উল্লেখ্য যে হাস্পতালৰ এজন জ্যেষ্ঠ বিষয়াৰ সৈতে সংঘাতত লিপ্ত হৈছিল কৰ্মচাৰীজন। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত তিনি সপ্তাহ পূৰ্বে কৰ্মত যোগদান কৰিছিল পাপু দাসে।