কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (CBI)য়ে আজি গুৱাহাটীৰ সামগ্ৰী আৰু সেৱা কৰ (GST) আয়ুক্ত (আপীল) শক্তিভেল ৰাজুক গ্ৰেপ্তাৰ কৰে।
উল্লেখ্য যে, গুৱাহাটীৰ GST ভৱনত দিনজোৰা অভিযান তথা জেৰাৰ পিছত ৰাজুক গ্ৰেপ্তাৰ কৰাৰ লগতে বহুতো আপত্তিজনক নথি-পত্ৰও জব্দ কৰা হয় বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোয়ে অভিযান চলাই থকাৰ কথা গম পোৱা গৈছে।