ভয়ংকৰ গুলীবৰ্ষণত মেক্সিকোত প্ৰাণ গ’ল ১৯ গৰাকীকৈ লোকৰ। জানিব পৰা মতে এক অনুষ্ঠানত হোৱা গুলীবৰ্ষণৰ ফলত ১৯ গৰাকী লোকৰ মৃ্ত্যু হয়। মৃতসকলৰ ভিতৰত ১৬ গৰাকী পুৰুষ আৰু ৩ গৰাকী মহিলা আছে। এই ঘটনাত বহু লোক আহত হয়। আহতসকলক বৰ্তমান হস্পাতালত ভৰ্তি কৰা হৈছে। চেন্ট্ৰেল মেস্কিকোৰ অটাৰ্ণী জেনেৰেল অফিচে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰবিবাৰে নিশা প্ৰায় ১০.৩০ বজাত এই ঘটনা সংঘটিত হয়। এক অনুষ্ঠানৰ বাবে একগোট হৈছিল বহু লোক আৰু তেতিয়াই এই ঘটনা সংঘটিত হয়। ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।
উল্লেখ্য যে, মিছোআকেন আৰু চুবুৰীয়া ৰাজ্য গুৱানাজুৱাটো মেক্সিকোৰ দুখন হিংসাত্মক ৰাজ্য। ইয়াত নিচাযুক্ত দ্ৰব্য সৰবৰাহ আৰু ইন্ধনৰ অবৈধ বিক্ৰী হয়। এই দুই কাণ্ডত জড়িত একাংশই বহু সময়ত এনেধৰণৰ ঘটনা সংঘটিত কৰে।