শিৱসাগৰৰ গেমন দলঙৰ সমীপৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। গুৱাহাটীৰ পৰা ডিগবৈ অভিমুখে গৈ থকা অৱস্থাতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰে AS 01 MC 0917 নম্বৰৰ ‘তনুছ’ নামৰ নৈশ বাছখন। নৈশ বাছখনত ২৫ গৰাকীৰো অধিক যাত্ৰী আছিল। খাৱৈত বাগৰি পৰাত মহিলাসহ ১০ গৰাকীৰো অধিক যাত্ৰী আহত হয়।
আহতসকলৰ ৮ গৰাকীক ততাতৈয়াকৈ আৰক্ষীয়ে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। আহতসকলৰ নাম উদেষ্ণা ভৰালী (২১), ৰাজশ্ৰী কলিতা (২৪), ৰেছমা বেগম (২৩), বন্দিতা শইকীয়া (২৪), পল্লবী খনিকৰ (২৪), নিলু ভৰালী (৫০), অন্তৰা হাজৰিকা (২৬), চাহিদুৰ আলী (২৫)। ইয়াৰে ভিতৰত ছাত্ৰী বন্দিতা শইকীয়া আৰু অন্তৰা হাজৰিকাৰ ঘৰ ডিগবৈত। গুৱাহাটী বিশ্ববিদ্যালয়ত পৰীক্ষা দি ঘৰলৈ বুলি আহি আছিল নৈশ বাছখনত।
নৈশ বাছখনৰ চালকে সুৰা পান কৰি চলোৱাৰ ফলতে দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে যাত্ৰীসকলে। জখলাবন্ধাত সুৰা পান কৰিছিল বুলি চালকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে একাংশ যাত্ৰীয়ে। বাছখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে পলায়ন কৰে চালক–হেণ্ডিমেনে।