মহানগৰীৰ নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝা(৪০)।আৰক্ষীৰ সূত্ৰই জনোৱা মতে, গুৱাহাটী শোধনাগাৰত দীৰ্ঘদিন ধৰি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ চলি থকা বুলি মনিকা আনন্দ নামৰ ই-মেইলৰ পৰা ভাৰতীয় তেল নিগমৰ কৰ্তৃপক্ষলৈ এখন অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল। অভিযোগ পত্ৰ লাভ কৰি ভাৰতীয় তেল নগমে চমুকৈ IOCয়ে ঘটনা সন্দৰ্ভত গুৱাহাটী শোধনাগাৰ কৰ্তৃপক্ষক তদন্তৰ নিৰ্দেশ দিছিল।
তাৰ পাছতেই ৩ জুনত এজাহাৰ দাখিল কৰিছিল গুৱাহাটী শোধনাগাৰৰ মুখ্য মহাপ্ৰৱন্ধক হীতাজী ভট্টাচার্যই। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ 417/419/190/506 নং ধাৰা আৰু ৬৬/৬৬ (ডি) আইটি এক্টৰ অধীনত থানাত ২৬৫/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল। আৰক্ষীৰ প্ৰাথমিক তদন্তত লাভ কৰিছিল যে 60023-92426 নম্বৰৰ ফোনৰ পৰা আই অ’ চিৰ শীৰ্ষ বিষয়ালৈ ই-মেইল প্ৰেৰণ হৈছিল।
60023-92426 নম্বৰৰ মবাইল ফোনৰ গৰাকী গুৱাহাটী শোধনাগাৰৰ মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝা বুলি আৰক্ষীয়ে ধৰা পেলায়। তাৰ পাছতেই বৃহস্পতিবাৰে নুনমাটি আৰক্ষীয়ে গুৱাহাটী শোধনাগাৰৰ চৌহদৰ পৰা মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝাক গ্রেপ্তাৰ কৰে।