ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ পিছত বৰ্ষাশ্ৰী বুঢ়াগোহাঁই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, কবিতা লিখাৰ বাবে যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰা হোৱা নাই, তাইক গ্ৰেপ্তাৰ নকৰিলে ইতিমধ্যে তাই আলফালৈ গুচি গ’লহেঁতেন।
উল্লেখ্য যে, ৰঙিয়া আৰু তামুলপুৰত বান পৰিস্থিতিৰ বুজ লবলৈ গৈ মুখ্যমন্ত্ৰীয়ে সাংবাদিকে বৰ্ষাশ্ৰী বুঢ়াগোহাঁই সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয় যে, পৰীক্ষা দিব পাৰিব বৰ্ষাশ্ৰীয়ে। কবিতা লিখাৰ বাবে কাৰাগাৰলৈ যোৱা নাই বৰ্ষাশ্ৰী বুঢ়াগোহাঁই। কবিতা লিখাৰ লগত কাৰাগাৰলৈ যোৱাৰ কোনো সম্পৰ্ক নাই’।
লগতে মুখ্যমন্ত্ৰীয়ে কয়, একাংশই জানি–বুজিও কথাটোত ৰহস্য সানি আছে। এবাৰ দেউতাক–মাক আৰু ছোৱালীজনীয়ে যদি দায়িত্ব লয় যে আমি আলফাত নাযাওঁ, তেতিয়া মুক্তি হ’ব। কিন্তু আলফাত গ’লে আকৌ মানৱ বোমা হৈ আহি আমাকে মাৰিব। গতিকে আমি জনাৰ পিছত ছোৱালীজনীক আলফাত কেনেকৈ যাব দিম।
লগতে তেওঁ কয়, কবিতা লিখা কথাটো বেলেগ, কবিতা আপুনি–ময়ো লিখি আছো। কিন্তু কবিতা লিখাৰ লগতে আৰু এটা কথা জড়িত হৈ আছে যে তাই আলফাতো যাব খোজো বুলি কৈছে। তাই নিজেই লিখি গৈছে যে ৰাষ্ট্ৰদ্ৰোহ মই বাৰে বাৰে কৰিম। কোনোবাই যদি কয় যে মই ৰাষ্ট্ৰদ্ৰোহ বাৰে বাৰে কৰিম, তেতিয়া গ্ৰেপ্তাৰ নকৰিলে দেশত আইন–কানুন কি থাকিব? কবিতাৰ পাকচক্ৰত পৰি মানুহৰ নিৰাপত্তাৰ লগত খেলিব নোৱাৰে। যেতিয়া ছোৱালীজনীৰ লগত কথা পতা হৈছে, তাই কৈছে মই আলফাত যাম। যোৱাকালি তাই কৈছে যে মই নতুনকৈ চিন্তা কৰিছো, মই পৰীক্ষাতো দিব খোজো, ঠিক আছে পৰীক্ষা দিয়ক। পৰীক্ষা দিয়ক, চাকৰিৰ ইণ্টাৰভিউ দিয়ক, ভাল ৰাষ্টাত আহক, সেইটো আমি বিচাৰো। কিন্তু কবিতা লিখাৰ লগত ইয়াৰ তাইৰ গ্ৰেপ্তাৰৰ কোনো সম্পৰ্ক নাই।’’