হেডফোন লগাই প্ৰাত:ভ্ৰমণলৈ গৈ মৃত্যুক সাৱতিলে এগৰাকী যুৱতীয়ে। মঙলবাৰে নগাঁও জিলাৰ চামগুৰিত এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে। মৃত্যুক সাৱতি লোৱা যুৱতীগৰাকীৰ নাম মেঘনা বৰা বুলি জানিব পৰা গৈছে ৷
মঙলবাৰে পুৱা মেঘনাই হেডফোন লগাই শিলঘাট -নগাঁও ৰেলপথৰ কাষেৰে প্ৰাত:ভ্ৰমণ কৰি থাকোতে যুৱতীগৰাকী ৰেলপথৰ ওপৰত উঠিছিল৷ সেই সময়তে বিপৰীত দিশৰ পৰা অহা এখন ৰেল মেঘনাৰ গাৰ ওপৰেদি পাৰ হৈ যায় ৷ হেডফোন লাগি থকাৰ বাবে ৰেল অহাৰ কথা গম নাপালে মেঘনাই ৷
জানিব পৰা মতে, মেঘনা বৰাৰ ঘৰ কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত ৷ চামগুৰিৰ আউনিআটি সত্ৰত থকা মোমেয়েকৰ ঘৰত আহিছিল মেঘনা ৷ ৰেলৰ খুন্দাত ৰেল পথত পৰি ৰোৱা মেঘনাৰ মৃতদেহটি পিছত আৰক্ষীয়ে উদ্ধাৰ কৰে ৷