দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় এগৰাকী স্বাস্থ্যমন্ত্ৰীক। এই ঘটনা সংঘটিত হৈছে পঞ্জাৱত। পঞ্জাৱৰ স্বাস্থ্য মন্ত্ৰী বিজয় সিংগলাক তেওঁৰ পদৰ পৰা বৰ্খাস্ত কৰাৰ পাছতেই গ্ৰেপ্তাৰ কৰা হয়। মন্ত্ৰী গৰাকীয়ে কামৰ টেণ্ডাৰৰ নামত ১ শতাংশ কমিছন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে।
এন্টি কৰাপশ্যন ব্ৰান্সে ভ্ৰষ্টাচাৰৰ অভিযোগত মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে, আজি কিছু সময় পূৰ্বেই মুখ্যমন্ত্ৰী ভগৱন্ত মানেই স্বাস্থ্যমন্ত্ৰী সিংগলাক বৰ্খাস্ত কৰিছিল আৰু আৰক্ষীক তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছিল।
বৰ্খাস্ত কৰিয়েই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, মই সিংগলাৰ বিৰুদ্ধে কঠোৰ তদন্ত কৰি আছো। মুখ্যমন্ত্ৰী মানেৰ মতে মন্ত্ৰী গৰাকীয়ে তেওঁৰ দোষ ইতিমধ্যে স্বীকাৰ কৰিছে।