- পিতৃয়ে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক।
- ঘৰত অন্য সদস্য নথকাৰ সুযোগ লৈ বুধবাৰে নিচাযুক্ত দৰব খুৱাই পিতৃ ৰবি ভাৱেলে এই দুষ্কাৰ্য্য কৰাৰ অভিযোগ উত্থাপন হৈছে। মহানগৰীৰ ভাস্কৰনগৰৰ ঘৰ নং ৮ ত সংঘটিত হৈছে এই ঘটনা।
- কিশোৰী গৰাকীৰ বয়স ১৬ বছৰ বুলি জানিব পৰা গৈছে। কিশোৰী গৰাকী ৰবি ভাৱেলৰ দ্বিতীয়া পত্নীৰ জীয়ৰী ।
- ৰবি ভাৱেলৰ প্ৰথমা পত্নীৰ পুত্ৰ চুমন ভাৱেলে পানবজাৰ মহিলা আৰক্ষী থানাত পিতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰবিক।
- উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰাই কিশোৰীগৰাকীক ৰবি ভাৱেলে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে।
- পানবজাৰ মহিলা আৰক্ষী থানাৰ তৎপৰতাত ইতিমধ্যে নিৰ্যাতিত ছোৱালীগৰাকীক স্বাস্থ্য পৰীক্ষা কৰোওৱা হৈছে।