চিত্ৰশিল্পী নীলম মহন্তক অৰুণাচল আৰক্ষীয়ে দেওবাৰে নদীবান্ধ বিৰোধী ছবি অংকণ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰে। অৰুণাচল আৰক্ষীৰ ৰোষত পৰা চিত্ৰশিল্পী নীলম মহন্তক বৰ্তমানলৈকে মুকলি কৰি দিয়া নাই। হঠাতে ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা চিত্ৰশিল্পীগৰাকীক লৈ চিন্তিত হৈ পৰিছে তেওঁৰ মাতৃ।
সংবাদ মাধ্যম যোগে নীলম মহন্তৰ মাতৃয়ে ৰাজ্যবাসীক সহায়ৰ বাবে আহ্বান কৰিছে। তেওঁ কয়- এই জটিল সময়ত মোৰ ল’ৰাক সকলোৱে সহায় কৰক। উল্লেখ্য যে, বৃহৎ নদীবন্ধৰ বিৰোধিতাৰে নীলিম মহন্তই অংকন কৰিছিল এখন চিত্ৰ। নদীবান্ধ বিৰোধী চিত্ৰ অংকন কৰিছিল অৰুণাচলৰ সচিবালয়ৰ দেৱালত। অৰুণাচল প্ৰদেশৰ ৫০ বছৰ পূৰ্তি স্মৰণীয় দেৱালত NO BIG DAM লিখাৰ অভিযোগ নীলিম মহন্তৰ বিৰুদ্ধে।