- ভোগালীৰ উচাহ-উদ্দীপনাৰ মাজতে কাজিৰঙাৰ হাতীখুলিত ভয়াবহ পথ দুৰ্ঘটনা।
- কয়লা ভৰ্তি ট্ৰাকে মহতিয়ালে পাঁচ পথচাৰীক।
- ইয়াৰে চিকেন্দৰ কৰ্মকাৰ, জগন্নাথ কৰ্মকাৰ আৰু আগনেশ কৰ্মকাৰ নামৰ তিনিজনৰ ঘটনাস্থলীতে মৃত্যু।
- হাতীখুলি নিৱাসী তিনিওজন একেটা পৰিয়ালৰে লোক।
- গুৰুতৰভাৱে আহত মেগনাথ কৰ্মকাৰ আৰু বজৰংগী কৰ্মকাৰক সংকটজনক অৱস্থাত কহঁৰা বেজা বৈষ্ণৱ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
- দুৰ্ঘটনাটো সংঘটিত হয় পুৱা ৫-৩০ মান বজাত কাজিৰঙাৰ হাতীখুলিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত।
- দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকৰ চালক-হেণ্ডিমেনে।