এক বিধ্বংসী অগ্নিকাণ্ডই শুক্ৰবাৰে ঢকুৱাখনাত নিমিষতে ভস্মীভূত কৰিলে এটা পৰিয়ালৰ ঘৰ সম্পত্তি। ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত মাতমৰা পঞ্চায়তৰ একৰিয়া বাঞ্জী চাপৰি গাঁওৰ ঘনকান্ত কুটুমৰ বাস গৃহত আজি পুৱা প্ৰায় ৯-৩০ বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ।
ভয়ংকৰ গতিত জুইৰ শিখাই নিমিষতে সমগ্ৰ বাসগৃহৰ লগতে সমীপৰ এটা ভৰাঁলো চানি ধৰে। পৰিয়ালৰ সদস্য সকলে প্ৰাণ বচাবলৈ সক্ষম হয় যদিও ঘৰ ভঁৰাল সকলো জুইত জাহ যায়। এপদো সামগ্ৰী, আচবাব বচাবলৈ সক্ষম নোহোৱা কুটুমৰ পৰিয়ালৰ সৰ্বস্ব জুইত ভস্মীভূত হয়। বৈদ্যুতিক স্বৰ্ট চাৰ্কিতৰ বাবে এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ধাৰণা কৰা হৈছে।
পাছত ঢকুৱাখনা নগৰৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয় যদিও তেতিয়ালৈ জুই নিৰ্বাপিত হয়। দৰিদ্ৰ চহা পৰিয়ালটোৰ ঘৰ আচবাব ,ধান, সা-সম্পত্তি সমস্ত জুইত জাহ যোৱাত অনিশ্চিত ভবিষ্যতকলৈ কান্দোনৰ জোৱাৰ উঠিছে।
মাতমৰা আঞ্চলিক টাকাম মিচিং পৰিন কেবাংৰ সম্পাদক ৰোহিত দলেয়ে অগ্নিকাণ্ডত লাওলোৱা হোৱা দৰিদ্ৰ কৃষক পৰিয়ালটোলৈ শীঘ্ৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এককালীন অৰ্থ সাহায্য প্ৰদান কৰাৰ আহ্বান জনাইছে।