বিশ্বনাথ চাৰিআলিত এক বৃহৎ গাড়ী চোৰ চক্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী। গ্ৰেপ্তাৰ কৰা ৫ জনীয়া এই চোৰৰ দলটোত দুগৰাকী মহিলাও আছে। ফেভ উইল্চ নামৰ গুৱাহাটী গাড়ী এজেঞ্চিৰ পৰা ৭ জন লোকে এখন XUV300 আৰু এখন বলেৰ গাড়ী যোৱা ২০ অক্টোবৰ তাৰিখে শোণিতপুৰলৈ যাম বুলি ভাড়া কৰি আনিছিল যদিও গাড়ীসহ মানুহ নিৰুদ্দেশ হ’ল। গাড়ী ভাড়া কৰি অনা সাতোজন লোকৰে মোবাইল চুইট্চ অফ হৈ পৰাত এজেঞ্চিৰ লোকসকলে বুজি পালে যে চুৰি চক্ৰই তেওঁলোকৰ গাড়ী চোৰ কৰিলে বুলি। কিন্তু গাড়ীত জি পি এছ লগাই ৰখাৰ ভিত্তিত এজেঞ্চিৰ লোকসকলে গাড়ীকেইখন ট্ৰেক কৰাত দেখা পাই যে, তেওঁলোকৰ গাড়ী কেইখন বিশ্বনাথ চাৰিআলিতে ৰৈ আছে। যাৰ ভিত্তিত এজেঞ্চিৰ লোকসকলে আজি বিশ্বনাথ চাৰিআলিত আহি উপস্হিত হৈ দেখা পাই যে, বিশ্বনাথ নগৰস্থিত এখন ল’জৰ সন্মুখত তেওঁলোকৰ গাড়ীখন ৰখাই থোৱা অৱস্থাত আছে।
এজেঞ্চিৰ লোকসকলে কিছু সময় তেওঁলোকৰ গাড়ীৰ কাষতে ৰৈ দিয়ে আৰু কিছু সময়ৰ পিছত গাড়ীখনৰ কাষত এজন গাড়ী চোৰ অহাত এজেঞ্চিৰ লোকসকলে চোৰ জনক ধৰিবলৈ সক্ষম হয়। সেই চোৰজনক ধৰাৰ পিছত এজেঞ্চিৰ লোকসকলে জানিব পাৰে যে, সম্পূৰ্ণ চোৰৰ দলটোৱে কেইবাদিন ধৰি বিশ্বনাথ নগৰস্থিত এখন ল’জত বাহৰ পাতি আছিল। লগে লগে এজেঞ্চিৰ লোকসকলে বিশ্বনাথ আৰক্ষীৰ সহযোগত চোৰৰ দলটোক ধৰিবলৈ সক্ষম হয় যদিও আৰক্ষীৰ দল উক্ত বাহৰ পাতি থকা স্থানত পোৱাৰ পূৰ্বেই দুজন চোৰ পলায়ন কৰিবলৈ সক্ষম হয়।
এই চোৰৰ দলটোৰ মাজত আছে এগৰাকী যুৱতী আৰু এগৰাকী মহিলা। চোৰ কেইজন ক্ৰমে তৰুণ কুমাৰ বালমিকি, তাৰিফ আব্দুলা, জুপিতৰা দাস, পংকজ কুমাৰ চাহু, ভূমিকা মিকিৰ। আনহাতে বিশ্বনাথত এই চোৰৰ দলটোৰ পৰা বলেৰ’ গাড়ীখনৰ লগতে আন এখন বেলেগ এজেঞ্চিৰ পৰা অনা স্কৰপিঅ’ গাড়ীও উদ্ধাৰ কৰা হৈছে।