কামৰূপৰ বকো আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত বৃহস্পতিবাৰে নিশা গাঞ্জা বিক্ৰী কৰিবলৈ অহা গাঞ্জা ব্যৱসায়ীক হাতে লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত গাঞ্জা ব্যৱসায়ীজনৰ পৰা আৰক্ষীয়ে ৭.১৩৮ কেজি ওজনৰ গাঞ্জা জব্দ কৰে।
জানিব পৰা মতে জব্দকৃত গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য ৫০ হাজাৰ টকা। বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফনীন্দ্ৰ কুমাৰ নাথৰ গোপন খৱৰৰ ভিত্তিত বকো আৰক্ষীৰ উপ-পৰিদৰ্শক অপূৰ্ব কলিতাই অভিযান চলাই জব্দ কৰে গাঞ্জাখিনি। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা গাঞ্জা ব্যৱসায়ীজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।