মহানগৰীত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ চৰকাৰী চাউল। খানাপাৰাত খাদ্য আৰু অসামৰিক বিভাগৰ অভিযানত উদ্ধাৰ কৰা হয় নলবাৰীৰ পৰা শিলচৰলৈ সৰবৰাহৰ বাবে লৈ অহা হৈছিল এখন ট্ৰাকত প্ৰায় ৪৮০ বেগ চাউল। ট্ৰাক চালকক কৰা জেৰাত সমগ্ৰ ঘটনাত মধ্যভোগী জড়িত থকাৰ কথা পোহৰলৈ আহে। নলবাৰীৰ গণেশ মন্দিৰৰ পৰা অনা এই চাউলৰ বেগসমূহ শিলচৰলৈ লৈ গৈ থকা বুলিও স্বীকাৰ কৰে ট্ৰাক চালক জনে।
উল্লেখ্য যে, চলিত বৰ্ষতেই বানে গুৰুতৰভাৱে ক্ষতি কৰা শিলচৰত নষ্ট হৈ পৰিছিল সকলো খাদ্য সামগ্ৰী। তেনে স্থলত শিলচৰত খাদ্য সামগ্ৰীৰ ক’লা বজাৰ চলি থকাৰ কথা নুই কৰিব নোৱাৰি। সেয়েহে সচেতন ৰাইজে এই ক্ষেত্ৰত উচিত তদন্ত হোৱাটো বিচাৰিছে।