প্ৰেমৰ বাবেই আত্মহত্যা কৰিলে দুজন যুৱকে ৷
ৰাজস্থানৰ বুন্দিত সংঘটিত হৈছে এই শোকাৱহ ঘটনা ৷
মঙলবাৰে ট্ৰেইনৰ আগত পৰি আত্মহত্যা কৰে দেৱৰাজ গোৰজাৰ আৰু মহেন্দ্ৰ গোৰজাৰ নামৰ দুগৰাকী ২৩ বছৰীয়া যুৱকে ৷
একেগৰাকী যুৱতীৰে প্ৰেমৰ সম্পৰ্কত আছিল দুয়োজন সম্পৰ্কীয় যুৱক ৷
এই কথা গম পাইয়ে মৃত্যুৰ দৰে ভয়ানক সিদ্ধান্ত বাছি ল’লে দুয়োৱে ৷
মৃত্যুৰ পূৰ্বে ৰেকৰ্ড কৰিলে ভিডিঅ’ ৷
প্ৰেমিকাৰ নামো শৰীৰত লিখি লৈছিল দুয়ো প্ৰেমিকে ৷
ভিডিঅ’টোত উল্লেখ কৰিছে,”আমি এই সিদ্ধান্ত দুয়োজনে ব্যক্তিগতভাৱে লৈছো ৷
এইক্ষেত্ৰত আমি ইজনে সিজনক দোষাৰোপ কৰিব নিবিচাৰো ৷ ”
এনে সিদ্ধান্ত লবলৈ তেওঁলোকক কোনেও বাধ্য কৰোৱা নাই বুলিও উল্লেখ কৰিছে দুয়োজনে ৷
ঘটনা সন্দৰ্ভত ৰাজস্থান আৰক্ষীয়ে ১৭৪ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷