• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পাইপ বহুওৱাৰ নামত বিভিন্ন চৰকাৰী – বেচৰকাৰী সংস্থাই ধ্বংস কৰিছে গুৱাহাটীৰ কেইবাটাও ৰাজপথ!

লোকনির্মাণ পথ বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী

নিউজ ডেস্ক by নিউজ ডেস্ক
December 3, 2022
in ক্ৰাইম, গুৱাহাটী, ৰাজনীতি
1 min read
0
পাইপ বহুওৱাৰ নামত বিভিন্ন চৰকাৰী – বেচৰকাৰী সংস্থাই ধ্বংস কৰিছে গুৱাহাটীৰ কেইবাটাও ৰাজপথ!
Share on FacebookShare on Twitter

অসমকে ধৰি উত্তৰ পূৱৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটিৰূপে গঢ় দিয়াৰ বাবে নানা উন্নয়নমূলক কাম চৰকাৰে হাতত লৈছে। স্মাৰ্ট চিটি গঢ় দিয়াৰ নামত জাইকা, পাৱাৰগ্ৰীড, শক্তি বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, আই টি এম এছ, গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড, বি এছ এন এল, পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডকে ধৰি বিভিন্ন চৰকাৰী – বেচৰকাৰী সংস্থাই গুৱাহাটী মহানগৰীৰ কেবাটাও স্থানত উন্নয়নমূলক কাম – কাজ সম্পন্ন কৰাৰ বাবে অসম চৰকাৰৰ লোকনির্মাণ পথ বিভাগে নিৰ্মাণ কৰা পথ সমূহ খন্দাৰ কাম কৰি আহিছে।

লোকনির্মাণ বিভাগৰ উচ্চস্তৰীয় সূত্ৰই সদৰি কৰা অনুসৰি পথৰ মাটি খন্দাকে ধৰি উন্নয়নমূলক কাম – কাজ কৰাৰ বাবে সেই সংস্থা বা কৰ্তৃপক্ষ সমূহে যাৱতীয় নীতি – নিয়মৰ মাজেৰে অনুমতি লয়। অনুমতি দিয়াৰ সময়ত লোকনির্মাণ বিভাগৰ ফালৰ পৰা তেওঁলোকক কিমান দিনৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব লাগিব , ধ্বংস কৰা অংশ আগৰ দৰে নতুনকৈ নিৰ্মাণ কৰা, কাম চলি থকা সময়ত ৰাইজৰ অসুবিধা লাঘৱ কৰাকে ধৰি বিভিন্ন চৰ্ত আৰোপ কৰা হয়। কিন্তু কেবাটাও সংস্থাই বিভিন্ন কাৰণত চৰ্ত অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পন্ন কৰিব নোৱাৰাৰ বাবে ৰাইজে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিব লগা হৈছে। বিশেষকৈ জি এছ ৰোডৰ খানাপাৰাৰ হোটেল তাজ ভিভাণ্টৰ সন্মুখত মাজে মাজে বোকা পানীৰে উপচি থকাটো তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছে। তাত পূৰ্ৱ ভাৰতী গেছ প্ৰাইভেট লিমিটেডে ঘৰে ঘৰে গেছ যোগানৰ বাবে কৰি আছে মাটি খান্দি পাইপ বহুওৱা কাম। কিন্ত কাম সমূহ কৰাৰ সময়ত যাবতীয় ব্যৱস্থা গ্ৰহণ নকৰা বাবে পদপথ সহিতে পথৰ এক বৃহৎ অংশ বোকাময় হোৱাত পথচাৰীৰ আহ – যাহত ব্যাঘাত জন্মিছে। তেনেদৰে গণেশগুৰীৰ গণেশ মন্দিৰ পৰা কাহিলীপৰা সংযোগী পথ, ভঙাগড় উৰণীয়া সেতুৰ পৰা ৰাজগড় সংযোগী পথকে ধৰি কেবাটাও পথত তেনেকৈ মাটি খান্দি কৰা দুৰৱস্থাৰ বাবে জীয়াতু ভূগিবলগীয়া হৈছে সাধাৰণ পথচাৰী। ব্লকেৰে সজোৱা পথছোৱাৰ মাজে-মাজে ব্লক নোহোৱাৰ ফলত সৃষ্টি হোৱা গাঁতৰ ফলত কেইবাটাও সৰু-বৰ দুৰ্ঘটনাও সংঘটিত হৈছে।

কেইবাখনো শিক্ষানুষ্ঠান, অগ্রণী প্রতিষ্ঠান থকা বাণিজ্যিক ক্ষেত্ৰ এই ৰাজগড় – ভঙাগড় সংযোগী পথছোৱাৰেই গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈও নিতৌ ৰোগী কঢ়িওৱা এম্বুলেঞ্চ চলাচল কৰে। ৰাধাগোবিন্দ বৰুৱা পথত জু- ৰোডত নিৰ্মাণ চলি থকা উৰণীয়া সেতুৰ বাবে এতিয়া প্ৰায়সংখ্যক যাতায়াতকাৰীয়েই বিকল্প পথ হিচাপে লয় গুৱাহাটীৰ অন্যতম মুখ্য স্থান হিচাপে বিবেচিত এই ৰাজগড়-ভঙাগড় সংযোগী পথ। বিশেষকৈ বিহুতলীত নলাৰ পানী ৰাজ পথত জমা হৈ যোৱাৰ ফলত কদৰ্যময় হৈ পৰিছে উক্ত অংশ। আনহাতে যান-জঁট নিয়ন্ত্ৰণৰ বাবে গুৱাহাটীৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত চলি আছে আই টি এম এছৰ অধীনত স্বয়ংক্ৰিয় লাইট। এই লাইটলৈ বিদ্যুৎ সংযোগ দিয়াৰ বাবেও বহু স্থানত পথ খন্দা হৈছে। যাৰ বাবে গুৱাহাটীৰ সচেতন নাগৰিক সকলে লোকনির্মাণ পথ বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক বিভাগীয় চৰ্ত ভংগ কৰি পথ ধ্বংস কৰা চৰকাৰী – বেচৰকাৰী সংস্থা সমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Previous Post

SSBৰ উদ্যোগত গুৱাহাটীত সামৰিক – অৰ্দ্ধ সামৰিক, চোৰাংচোৱা বাহিনীৰ গুৰুত্বপূৰ্ণ বৈঠক

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত
ক্ৰাইম

চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

October 2, 2023
আজি গান্ধী জয়ন্তী
ৰাজনীতি

আজি গান্ধী জয়ন্তী

October 2, 2023
অগ্নিবীৰত নিযুক্তি পোৱা অসমৰ ১৭৫ জন NCC কেডেটক সম্বৰ্দ্ধনা জনালে মন্ত্ৰী নন্দিতা গাৰ্লচাই
ৰাজনীতি

অগ্নিবীৰত নিযুক্তি পোৱা অসমৰ ১৭৫ জন NCC কেডেটক সম্বৰ্দ্ধনা জনালে মন্ত্ৰী নন্দিতা গাৰ্লচাই

September 30, 2023
মহানগৰীত ক’কেইনসহ গ্রেপ্তাৰ ৩ জন
সংবাদ

মহানগৰীত ক’কেইনসহ গ্রেপ্তাৰ ৩ জন

September 30, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

আজমলৰ বিতৰ্কিত মন্তব্যক তীব্ৰ গৰিহণা কমলাকান্ত মুছাহাৰীৰ

আজমলৰ বিতৰ্কিত মন্তব্যক তীব্ৰ গৰিহণা কমলাকান্ত মুছাহাৰীৰ

গুৱাহাটী- ডিগবৈ অভিমুখী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০ যাত্ৰী

গোৱালপাৰাৰ শালপাৰাত ভয়াৱহ দুৰ্ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8