ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে গঁড় হত্যাৰ ঘটনা। বিগত বৰ্ষত গঁড় হত্যাৰ ঘটনা এটালৈ হ্ৰাস পায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাৎ ৰোধ হৈছে গঁড় হত্যা। ২১ বছৰত কাজিৰঙা ১৮৯টা গঁড় হত্যা হ’ল চোৰাং চিকাৰীৰ হাতত। সুদীৰ্ঘ ২০ বছৰৰ পাছত ২০২১ বৰ্ষত মাত্ৰ এটা গঁড় চোৰাং চিকাৰীৰ হাতত মৃত্যু হয়। ২০০০ বৰ্ষৰ পৰা প্ৰতি বছৰে গঁড় হত্যাৰ ঘটনা বৃদ্ধি পাই আহিছিল। আনকি ২০১৩ আৰু ২০১৪ বৰ্ষত গঁড় হত্যাৰ ঘটনা বৃদ্ধি পাইছিল ২৭টা পৰ্যন্ত।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে জনোৱা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ছয়খন জিলাৰ SP, DC আৰু DFO সকলক লৈ গঠন কৰা Assam Rhino protection tusk forceয়ে বিগত সময়ছোৱাত পালন কৰা ভূমিকাৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গঁড় হত্যা ৰোধ কৰিবলৈ সক্ষম হৈছে বুলি জনায়। লগতে কাজিৰঙাত বিগত সময়ছোৱাত নিযুক্তি দিয়া SPECIAL RHINO PROTECTION FORCEৰো গঁড় হত্যা ৰোধৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আছে।
২০২১ বৰ্ষত উদ্যান কৰ্তৃপক্ষৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ ঘটনা শূন্য কৰাৰ প্ৰচেষ্টা আছিল যদিও সেই চেষ্টাত সফল নহ’ল বুলি আক্ষেপ প্ৰকাশ কৰে সঞ্চালকগৰাকীয়ে। আগন্তুক সময়ত কাজিৰঙাত গঁড় হত্যাৰ সংখ্যা শূন্য কৰাৰ প্ৰচেষ্টা অব্যাহত থাকিব বুলি কয় সঞ্চালক পি শিৱ কুমাৰে। উল্লেখ যে, ১৯৯০ বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সৰ্বাধিক গঁড় হত্যা হৈছিল। ১৯৯০ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৫০ টাতকৈও অধিক গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰিছিল বুলি সদৰী কৰে উদ্যানৰ সঞ্চালক গৰাকীয়ে।
আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ এই সফলতাক শলাগ লয় অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে এক টুইটযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক এই সফলতাৰ বাবে শুভকামনা জনায়।