পুনৰ চাইবাৰ আক্ৰমণৰ বলি অইল ইণ্ডিয়া লিমিটেড। উল্লেখ্য যে, যোৱা ১০ এপ্ৰিলত আন্তঃৰ্জাতিক হেকাৰ চক্ৰই অইল ইণ্ডিয়া লিমিটেডক হেক কৰি বহু সংখ্যক কম্পিউটাৰ অচল কৰি পেলাইছিল।
শেহতীয়াকৈ চক্ৰটোৱে সামাজিক মাধ্যমত অইলৰ নামত পে’জ খুলি OILৰ বিষয়া-কৰ্মচাৰীক প্ৰশ্ন কৰিছে অইলক আপুনি জানেনে? আপোনাৰ বয়স কিমান ? যদি জানে তেন্তে শুভেচ্ছা দি একাউণ্টৰ সবিশেষ বিচাৰে দুষ্ট চক্ৰটোৱে।
সম্ভৱতঃ এই শেষৰ প্ৰক্ৰিয়াটোত ভৰি দিলেই চাইবাৰ আক্ৰমণৰ বলি হ’ব অইল ইণ্ডিয়া লিমিটেড। শেহতীয়া ঘটনা সৰ্ন্দভত অইল নিৰাপত্তা বিভাগে দুলীয়াজান আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। এই সৰ্ন্দভত OILত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে বুলি জানিবপৰা গৈছে ।