ইউক্ৰেইনত মৃত্যু ভাৰতীয় ছাত্ৰৰ। ৰাছিয়া বাহিনীৰ দ্বাৰা প্ৰচণ্ড গুলীবৰ্ষণত দেশখনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভত মঙলবাৰে এজন ভাৰতীয় ছাত্ৰ নিহত হয়। ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা অনুসৰি ইউক্ৰেইনৰ পূব চহৰ খাৰকিভত নিহত ভাৰতীয় ছাত্ৰজনক কৰ্ণাটকৰ হাভেৰী জিলাৰ বাসিন্দা নবীন এছজি বুলি চিনাক্ত কৰা হৈছে। তেওঁ খাৰকিভ ৰাষ্ট্ৰীয় চিকিৎসা বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল।
এক টুইটযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ অৰিন্দম বাগচীয়ে লিখিছে, “গভীৰ দুখৰ সৈতে আমি নিশ্চিত কৰিছো যে আজি ৰাতিপুৱা খাৰকিভত হোৱা গোলাবৰ্ষণত এজন ভাৰতীয় ছাত্ৰই প্ৰাণ হেৰুৱাইছে। ছাত্ৰজনৰ পৰিয়ালৰ সৈতে মন্ত্ৰালয়ে যোগাযোগ কৰি আছে। আমি পৰিয়ালটোলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।”
আন এটা টুইটত তেওঁ লিখিছিল, “বৈদেশিক সচিবে ৰাছিয়া আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতসকলক আহ্বান জনাইছে যাতে এতিয়াও খাৰকিভ আৰু অন্যান্য সংঘাতপূৰ্ণ অঞ্চলৰ চহৰসমূহত থকা ভাৰতীয় নাগৰিকসকলৰ বাবে জৰুৰী সুৰক্ষাৰ দাবী পুনৰাবৃত্তি কৰিব। ৰাছিয়া আৰু ইউক্ৰেইনত আমাৰ ৰাষ্ট্ৰদূতসকলেও একে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আছে।”