আৰক্ষীক লাগে ৰাইজৰ সহায়! কাৰণ বৰ্তমান অসহায় হৈ পৰিছে গুৱাহাটীৰ মহানগৰ আৰক্ষী। অপৰাধীয়ে নিদ্ৰা হৰিছে মহানগৰীৰ বৃহৎ আৰক্ষী বাহিনীক। সোমবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীত বাইকত অহা দুই দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল পূৰৱী গাখীৰৰ বিতৰক ৰঞ্জিত বৰাক। ৰঞ্জিত বৰাই লগত লৈ অহা প্ৰায় আঢ়ৈ লাখ টকাৰ এটা বেগ অপৰাধীয়ে কাঢ়ি নিলে।
অপৰাধীক কৰায়ত্ত্ব কৰিব নোৱাৰাত যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে গুৱাহাটী মহানগৰ আৰক্ষী। সেয়েহে উপায়ন্তৰ হৈ এইবাৰ আৰক্ষীয়ে ভৰসা কৰিছে সাধাৰণ জনতাৰ ওপৰত। কাৰোবাৰ ওচৰত যদি কিবা তথ্য আছে আৰক্ষীক জনাবলৈ আহ্বান জনালে মহানগৰ আৰক্ষীয়ে।
Guwahati Police announces a ₹ 2 lakh reward for information that can lead to the arrest of the murderers of Ranjit Bora, who was shot dead on November 21 at Panjabari.
Information can be shared on WhatsApp 6026901247
The informant’s identify will be kept secret.
— Guwahati Police (@GuwahatiPol) November 23, 2022
ইয়াৰ বাবে মহানগৰ আৰক্ষীয়ে এটা হোৱাটছএপ নম্বৰ ৰাইজৰ উদ্দেশ্যে দিছে। সেই নম্বৰটোতেই দিব পাৰিব অপৰাধীৰ খবৰ। আৰক্ষীয়ে দিয়া নম্বৰটো- ৬০২৬৯০১২৪৭। প্ৰতিশ্ৰুতি দিছে আৰক্ষীয়ে গোপনে ৰাখিব পৰিচয়। লগতে সেই খবৰ দিওঁতা জনক আৰক্ষীৰ ফালৰ পৰা দিয়া হ’ব ২ লাখ টকাৰ পুৰস্কাৰ।