পশ্চিমবঙ্গৰ সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিলে জাতীয় সংগ্ৰামী সেনা অসমে । আহোম জনগোষ্ঠীৰ ‘গগৈ’ উপাধিক মহুৱা মৈত্ৰই ‘যৌন নিৰ্যাতন‘ শব্দৰ সৈতে তুলনা কৰাৰ বাবেই দাখিল কৰা হৈছে এজাহাৰ। মহুৱা মৈত্ৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিটু বৰুৱাই কয় যে, মহুৱা মৈত্ৰই কাণত ধৰি আঁঠুকাঢ়ি ক্ষমা বিচাৰিব লাগিব।
তদুপৰি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মূখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈক যদিহে উদেশ্য কৰি কৈছে তেন্তে সেয়াও কোনোপধ্যেই গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জাতীয় সংগ্ৰামী সেনা অসমে। আনহাতে, তৃণমূল কংগ্ৰেছ (TMC)ৰ অসম ৰাজ্যিক সভাপতি ৰিপুন বৰাক অসমৰ নেতা নহয়, কলংক বুলি অভিহিত কৰিছে জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিটু বৰুৱাই।