সোমাবাৰে কাবুলত চীনা ব্যৱসায়ী থকা হোটেলত ISIS সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায় ৷ হোটেলক লক্ষ্য কৰি ISIS য়ে বোমা নিক্ষেপ কৰে । এই আক্ৰমণত দুজন বিদেশীকে ধৰি আন ২১জন লোক আহত হোৱাৰ বিপৰিতে তিনিজন আক্ৰমণকাৰী নিহত হয় ৷ এই ঘটনাৰ সন্দৰ্ভত ISIS সংগঠনটোয়ে স্বীকাৰোক্তিত কয় যে, “তেওঁলোকৰ দুজন কৰ্মীয়ে “কাবুলত চীনা কূটনীতিবিদ আৰু ব্যৱসায়ীসকলে সঘনাই অহা-যোৱা কৰা এখন ডাঙৰ হোটেলত আক্ৰমণ চলাইছিল, য’ত তেওঁলোকে দুটা বেগৰ ভিতৰত লুকুৱাই থোৱা দুটা বিস্ফোৰক যন্ত্ৰ বিস্ফোৰণ কৰিছিল, ইয়াৰে এজনে চীনা অতিথিৰ বাবে অনুষ্ঠিত হোৱা পাৰ্টিক লক্ষ্য কৰি আৰু আনজনে অভ্যৰ্থনা হলটোক লক্ষ্য কৰি লৈছিল।”
ISISৰ এক বিবৃতিত কোৱা হৈছে যে, দুয়োজন যোদ্ধাৰ এজনে তেওঁলোকক ৰখাবলৈ চেষ্টা কৰা তালিবান বিষয়াসকলৰ ওপৰত হেণ্ড গ্ৰেনেড নিক্ষেপ কৰাৰ বিপৰীতে আনজনে হোটেলৰ কোঠাৰ দুৱাৰত আবদ্ধ কৰি ৰখা বিস্ফোৰক যন্ত্ৰ বিস্ফোৰণ কৰি হোটেলৰ অতিথিসকলৰ ওপৰত গুলীচালনা কৰিবলৈ আৰম্ভ কৰিছিল ।