গুৱাহাটী মহানগৰীৰ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যাল়য়ৰ অধীনৰ নাৰেংগী খণ্ড বন বিষয়া কাৰ্যালয়ৰ এটা বনকৰ্মীৰ দলে ২৯ মে’ত দিনৰ ভাগত চুনচালি এলেকাত অবৈধ ভাৱে মাটি কাটি থকা অৱস্থাত এ এছ ০৫ গি চি ৫৫৮৮ নম্বৰৰ এখন JCB জব্দ কৰে ৷
তেনেদৰে সেই স্থানত ৩০ ঘন মিটাৰ মাটি অবৈধভাৱে কটাৰ অপৰাধত এটা বন আইনৰ অধীনত এটা ৰুজু কৰা হয় ৷ উল্লেখযোগ্য যে গোপন খৱৰৰ ভিত্তিত বনকৰ্মীয়ে জনৈক জিতু দাস নামৰ এজন লোকৰ ইটাভাটাৰ ওচৰৰ পাহাৰ এলেকাত অভিযান চলাইছিল ৷ বনকৰ্মী যোৱাৰ উমান পাই দুস্কৃতিকাৰীসকল পলায়ন কৰে৷