গোৱালপাৰা বিজেপিৰ সম্পাদিকা জোনালী নাথৰ হত্যাকাণ্ডৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰাৰ মাজতে এইবাৰ জোনালী নাথৰ পৰিয়ালে গোচৰ ৰুজু কৰিলে চি আই ডিৰ আই জি পিৰ বিৰুদ্ধে। উল্লেখ্য যে, অবৈধ প্ৰেমৰ সম্পৰ্কৰ ফলতেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সোমবাৰে আৰক্ষীয়ে সংবাদ মেল যোগে প্ৰকাশ কৰিছে। কিন্তু পৰিয়ালৰ লোকে অবৈধ প্ৰেমৰ কাহিনীক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে। এই গোচৰৰ তদন্ত কৰি চি আই ডিৰ আই জি পি দেৱৰাজ উপাধ্যায়ে সংবাদ মাধ্যমৰ আগত অবৈধ প্ৰেমজনিত কাৰণৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি উল্লেখ কৰাৰ পাছতে সমগ্ৰ বিষয়টোৱে পুনৰ ৰাজ্যজুৰি বিতৰ্কৰ সূচনা কৰে।
এনে বিতৰ্কৰ মাজতে মঙ্গলবাৰে জোনালী নাথৰ পৰিয়ালে মাটিয়া আৰক্ষী থানাত আই জি পি দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। সংবাদ মেলৰ জৰিয়তে দেৱৰাজ উপাধ্যায়ে যিবোৰ কথা ক’লে সেই সকলোবোৰ কথাই মানি লোৱা নাই জোনালী নাথৰ পৰিয়ালৰ লোকে।
উল্লেখ্য যে গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকা তথা মাটিয়া গাঁও পঞ্চায়তৰ নিৰ্বাচিত সদস্যা জোনালী নাথক হত্যা কৰি কৃষ্ণাইৰ শালপাৰাত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মৃতদেহ নিক্ষেপ কৰিছিল। পাচত চি আই ডি আৰু গোৱালপাৰা আৰক্ষীয়ে ঘটনাৰ ক্ষীপ্ৰ তদন্ত কৰি অভিযুক্ত হত্যাকাৰী হাছানুৰ ইছলামক গ্ৰেপ্তাৰ কৰিছিল। অভিযুক্তক জেৰাৰ অন্তত আৰক্ষীয়ে এক সংবাদমেলৰ আয়োজন কৰিছিল।সংবাদ মেলখনত চি আই ডিৰ আই জি পি দেৱৰাজ উপাধ্যায়ে কৈছিল যে জোনালী নাথৰ সৈতে হাছানুৰ ইছলামৰ প্ৰায় দীৰ্ঘ দিন ধৰি অবৈধ প্ৰেমৰ সম্পৰ্ক চলি আছিল। হাছানুৰে অলপতে অন্য এগৰাকী যুৱতীৰে সামাজিক ভাৱে বিবাহ পঞ্জীয়ন কৰে আৰু ইয়াকে লৈ জোনালী আৰু হাছানুৰৰ মাজত সংঘাত সৃষ্টি হৈছিল।
হত্যাকাণ্ড সংঘটিত হোৱা দেওবাৰে নিশাতো দুয়োৰে মাজত বাক-বিতণ্ডাৰ সষ্টি হৈছিল। চলন্ত গাড়ীৰ ভিতৰতে আৰম্ভ হোৱা বাক-বিতণ্ডা এটা সময়ত উগ্ৰ ৰূপ ধাৰণ কৰাত হাছানুৰে জোনালীৰ ডিঙিত উপৰ্যুপৰি ঘোঁচা সোধায়।তদুপৰি জোনালীৰ ডিঙিত নখৰ আঘাতৰ চিন পোৱা বুলিও সংবাদ মেলখনত সদৰি কৰে আৰক্ষীয়ে।