গোৱালপাৰাৰ দুধনৈৰ বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাৰ নতুন তথ্য মতে আজিবুৰ ৰহমান নামৰ এজনৰ সৈতে মিলি জোনালীক হত্যা কৰিছিল হাছানুৰ ইছলামে। এই আজিবুৰৰ বিৰুদ্ধে আছে বহু অপৰাধজনিত ঘটনাত জড়িত থকাৰ তথ্য। বৰ্তমান পলাতক অৱস্থাত থকা আজিবুৰক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান।
আনহাতে, শুকুৰবাৰে হাছানুৰ ইছলামৰ আন এক তথ্য পোহৰলৈ আহিছিল। জোনালীক নাথক হত্যা কৰি কোন পথেৰে হাছানুৰ গৈ কোনখন দোকানত পানী আৰু শীতল পানীয় খাইছিল সেয়া আবদ্ধ হৈছিল চিচিটিভিত। হাছানুৰ ইছলামে কাঠৰ টুকুৰাৰে মৰিয়াই জোনালীক হত্যা কৰি শালপাৰাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পেলাই দিছিল মৃতদেহ। পিছত হাছানুৰ ইছলামে কৃষ্ণাইৰ মোলানডুবি- ধাইগাঁও হৈ মাজ-জাখিলি পথেদি দোমনী হৈ মাটিয়া লৈ আহিছিল৷ অহাৰ পথত মাজ-জাখিলি বজাৰত এখন দোকানত গাড়ী ৰখাই পানী আৰু শীতল পানীয় ক্ৰয় কৰিছিল৷