প্ৰেমিক তথা ভাৱি স্বামীৰ সৈতে প্ৰৱঞ্চনাৰে বহুজনৰ পৰা কেইবা কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগত বৰ্তমান আৰক্ষীৰ ধাৰাবাহিক জেৰাৰ সন্মুখীন হৈছে SI জোনমণি ৰাভা। বৃহস্পতিবাৰে পুৱাৰে পৰা নিশালৈকে জোনমণিক জেৰা কৰাৰ পিছত শুকুৰবাৰে অর্থাৎ আজি পুনৰ জেৰা কৰা হৈছে জোনমণিক। গড়মূৰ থানাত জোনমণিৰ প্ৰৱঞ্চক প্ৰেমিক ৰাণা পগাগক সন্মুখত বহুৱাই জেৰা কৰা হৈছে জোনমণিক।
উল্লেখ্য যে, বৰ্তমান পৰ্যায়লৈকে জোনমণিৰ ওপৰত কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই যদিও এই বিষয়ৰ সৈতে নাম সাঙুৰ খোৱাৰ পাছতে জোনমণিক কলিয়াবৰলৈ বদলি কৰা হৈছিল। মাজুলীত কাৰ্যনিবাহ কৰাৰ সময়তে ৰাণা পগাগ আৰু জোনমণিয়ে একেলগে বহুজনৰ পৰা বহু টকা অ এন জি চিৰ কাম দিয়াৰ বাবদ সংগ্ৰহ কৰিছিল। এই ক্ষেত্ৰত গড়মূৰ থানাতে ৪টাকৈ গোচৰ ৰুজু হৈছে জোনমণিৰ বিৰুদ্ধে।