শীঘ্ৰেই গ্ৰেপ্তাৰ হব পাৰে এছ আই জোনমণি ৰাভা। প্ৰৱঞ্চনাৰ সৈতে নাম সাঙুৰ খাই পৰা জোনমণিৰ বেংক একাউন্টত সোমাইছিল লাখ লাখ টকা। বেংক একাউন্ট যোগে লাখ লাখ টকাৰ লেনদেন কৰিছিল জোনমণিৰ লগতে তেওঁৰ ভাৱি স্বামী ৰাণা পাগাগে।
আজি পুনৰ জেৰা চলোৱা হব জোনমণি ৰাভাক। শুকুৰবাৰে প্ৰায় ১২ ঘন্টা ধৰি জোনমণিক জেৰা চলোৱা হয়। নিশা গড়মূৰ অসামৰিক চিকিৎসালয় স্বাস্থ্য পৰীক্ষা কৰাই যাবলৈ দিয়া হয় জোনমণিক।
জেৰাত পোহৰলৈ আহিছে ভাবী স্বামীৰে ধনৰ লেন-দেনৰ তথ্য। ৰাভাৰ একাউণ্টত সোমাইছিল লাখে লাখে টকা। দুটাকৈ বেংক একাউণ্টত সোমাইছিল প্ৰায় ২০ লক্ষাধিক টকা। আজি পুনৰ জেৰা চলোৱাৰ অন্তত গ্ৰেপ্তাৰ কৰাও হ’ব পাৰে জোনমণি ৰাভাক।