ৰাজ্য কঁপাই যোৱা যোৰহাট কাণ্ডৰ ১ বছৰ সম্পূৰ্ণ হ’ল। ২০২১ চনৰ ২৯ নৱেম্বৰৰ দিনা যোৰহাট চহৰৰ মাজমজিয়াতে গণপ্ৰহাৰত মৃত্যু হৈছিল অনিমেষ ভূঞা নামৰ এজন যুৱকৰ। সেই গণপ্ৰহাৰ কাণ্ডৰ আজি এটা বছৰ সম্পূৰ্ণ হ’ল। চৰকাৰ, বিভিন্ন দল-সংগঠন তথা পৰিয়ালৰ দাবীত ক’লা ল’ৰা খ্যাত যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। লগতে কেইবাজনো লোকক সেই হত্যাকণ্ডৰ সৈতে জড়িতৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছিল। ঘটনাৰ উচিত তদন্ত নকৰাকৈয়ে ক’লা ল’ৰাক আৰক্ষীয়ে এনকাউন্টাৰ কৰিছিল।
মৃত্যু হ’ল ক’লা ল’ৰাৰ। আন অভিযুক্ত কেইজনক দোষমুক্ত ঘোষণা কৰি আৰক্ষীয়ে মুকলি কৰি দিলে। চৰকাৰে ৫ লাখ টকাৰ চেক প্ৰদান কৰি দায়িত্ব সামৰিলে। এটা বছৰে কোনো ন্যায় নাপালে পৰিয়ালটোৱে। অনিমেষৰ হত্যাকাৰী আজিও মুক্ত। অনিমেষৰ ভাতৃক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু সেই প্ৰতিশ্ৰুতি আজিও পূৰণ নহ’ল।