২০০৮চনত সংঘটিত হোৱা আহমেদাবাদৰ ধাৰাবাহিক বোমা বিস্ফোৰণ ঘটনাৰ শুকুৰবাৰে বিশেষ আদালতে ৰায় প্ৰদান কৰে। আদালতে এই ঘটনাৰ সৈতে জড়িত ৪৯ গৰাকী অভিযুক্তৰ ভিতৰত ৩৮গৰাকীক ফাঁচী আৰু ১১গৰাকীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। বিশেষ ন্যায়াধীশ এ আৰ পেটেলে এই ৰায়দানত বিস্ফোৰণত নিহতসকলৰ পৰিয়ালক ১ লাখকৈ ক্ষতিপূৰণ দিয়াৰো নিৰ্দেশ প্ৰদান কৰিছে। উল্লেখ্য যে, ২০০৮ৰ ২৬জুলাইত ২২টাকৈ বোমা বিস্ফোৰণৰ ফলত ৫৬গৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰিও ২০০ৰো অধিক লোক আহত হৈছিল।
এই বিস্ফোৰণৰ সন্দেহত জড়িত ৭৮গৰাকী লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল আৰক্ষীয়ে। ইয়াৰ ভিতৰত আদালতে ৪৯গৰাকী লোকক দোষী সাব্যস্ত কৰে। দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো ন্যায়াধীশে ৰায়দান কৰি একেলগে ৩৮গৰাকী লোকক ফাঁচীৰ নিৰ্দেশ প্ৰদান কৰিলে।