শুকুৰবাৰৰ দিনটো অভিনেত্ৰী কংগনা ৰানাৱটে যথেষ্ট অশান্তিৰ মাজেৰে কটালে।
বান্দ্ৰা আৰক্ষী থানাত হাজিৰ হোৱাৰ পিছত অভিনেত্ৰীগৰাকীয়ে ছচিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰে।
ভিডিঅ’টোৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে উচ্চতম ন্যায়ালয়ক উদ্দেশ্যি কেইবাটাও প্ৰশ্ন উত্থাপন কৰে।
কংগনাই এই কথাটোত ক্ষোভ প্ৰকাশ কৰে যে তেওঁ নিজৰ বিচাৰধাৰা উপস্থাপন কৰিবলৈও সুবিধা প্ৰদান নকৰিলে।
https://twitter.com/KanganaTeam/status/1347433867683131393?s=20
কংগনা ৰানাৱটে উজাৰিলে ক্ষোভ
ভাইৰেল হোৱা ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰা হৈছে।
তেওঁৰ জ্যেষ্ঠ ভগ্নী ৰংগোলীকো ধাৰাবাহিকভাৱে লক্ষ্য কৰি লোৱা হৈছে।
তেওঁ ক’লে যে- যেতিয়াৰে পৰা মই দেশৰ হিতাৰ্থে কথা ক’বলৈ আৰম্ভ কৰিছো, মোক শোষণ কৰিবলৈ আৰম্ভ কৰিছে,
বেআইনীভাৱে মোৰ ঘৰ ভাঙি দিয়া হ’ল, হাঁহিলেও মোৰ বিৰুদ্ধে গোচৰ ৰজু কৰা হয়।
ইফালে থানাত হাজিৰ হোৱা কথাটোটো তেওঁক ক্ষুব্ধ দেখা পোৱা গ’ল।
তেওঁক আৰক্ষী থানাত হাজিৰ হ’বলৈ কোৱা হয় কিন্তু এই কথাটো নকয় যে ক’ত হাজিৰ হ’ব লাগে।
উচ্চতম ন্যায়ালয়লৈ কংগনাৰ প্ৰশ্ন
ভিডিঅ’টোত কংগনা ৰানাৱটে দেশৰ আদালতৰ সন্মুখতো গম্ভীৰ প্ৰশ্ন উত্থাপন কৰিছে।
তেওঁৰ মতে তেওঁক এইখন দেশত নিজৰ বিচাৰধাৰা মুকলিভাৱে উপস্থাপন কৰিবলৈ দিয়া হোৱা নায়।
এই সন্দৰ্ভত তেওঁ কয় যে- মই উচ্চতম ন্যায়ালয়ক সুধিব বিচাৰো যে,
এইটো কি মধ্যযুগ নেকি য’ত মহিলাসকলক জ্বলাই দিয়া হয়, য’ত তেওঁলোকে একো কথা ক’বও নোৱাৰে, এইধৰণৰ অত্যাচাৰ সমগ্ৰ বিশ্বৰ সন্মুখতে ঘটি আছে।
Photo: Google