EDৰ ধাৰাবাহিক জেৰাৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈয়ে আছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী৷ EDৰ জেৰা সংক্ৰান্তত মুখ খুলি ৰাহুল গান্ধীয়ে কয়, প্ৰধানমন্ত্ৰীয়ে মোক ED কাৰ্যালয়ত বহিবলৈ দি মোৰ আচৰণ সলনি কৰিব নোৱাৰে৷
প্ৰৱৰ্তন সঞ্চালকালয় (ED)ৰ জেৰাৰ পাছত প্ৰথমবাৰৰ বাবে ৱায়ানাড সমষ্টি পৰিদৰ্শন কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়, এনে বহুলোক আছে যাৰ আচৰণ হিংসা বা ভাবুকিৰ দ্বাৰা গঢ় দিব নোৱাৰি। ভাৰত চৰকাৰ অথবা প্ৰধানমন্ত্ৰীয়ে ভাবে যে মোক পাঁচ দিনৰ বাবে ED কাৰ্যালয়ত বহিবলৈ দিলেই মই মোৰ আচৰণ সলনি কৰিম। একেদৰে, চিপিএমে বিশ্বাস কৰে যে মোৰ কাৰ্যালয় ভাঙিলে মই মোৰ আচৰণ সলনি কৰিম৷ মোৰ দেশৰ জনসাধাৰণৰ প্ৰতি থকা মোৰ মৰমৰ দ্বাৰা মোৰ আচৰণ গঢ় লৈ উঠিছে। দেশৰ পৰিশ্ৰমী জনসাধাৰণৰ প্ৰতি স্নেহৰ দ্বাৰা গঢ় লৈ উঠে। ইয়াক কেতিয়াও মোৰ বিৰোধী বা মোৰ শত্ৰুসকলে গঢ় দিব নোৱাৰে’।
উল্লেখ্য যে, নেচনেল হেৰাল্ড মানি লণ্ডাৰিং গোচৰৰ সন্দৰ্ভত গান্ধীক যোৱা মাহত দিল্লীত পাঁচ দিনৰ বাবে প্ৰৱৰ্তন সঞ্চালকালয়ে সোধা-পোছা কৰিছিল। আনহাতে, ২৪ জুনত চিপিআই(এম)ৰ যুৱ শাখা ষ্টুডেণ্টছ ফেডাৰেচন অব্ ইণ্ডিয়াই (এছএফআই) এক পদযাত্ৰা উলিয়াই ৱায়ানাডত ৰাহুল গান্ধীৰ কাৰ্যালয় ভাঙি চূৰমাৰ কৰে৷
ৱায়ানাডৰ চুলতান বাথেৰীৰ গান্ধী স্কোৱেৰত এখন ৰাজহুৱা সভাত ভাষণ দি কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কয়, বিজেপি আৰু চিপিআই(এম) দুয়োটা দলে হিংসাত বিশ্বাস কৰে। দুয়োটা ৰাজনৈতিক দলে ভাবে যে হিংসাত্মক আচৰণ কৰি তেওঁলোকে মানুহক ভয় খুৱাব পাৰে। এইটো তেওঁলোকৰ মনত থকা এটা গভীৰ বিভ্ৰান্তি। কিয়নো তেওঁলোকৰ সাহসৰ অভাৱ হৈছে৷ তেওঁলোকে ভাবে যে হিংসাই আনলোকৰ আচৰণক আকাৰ দিব পাৰে। কিন্তু, সেয়া নহয়৷ কিয়নো এনে বহুলোক আছে যাৰ আচৰণ হিংসা বা ভাবুকিৰ দ্বাৰা গঢ় দিব নোৱাৰি৷ ৰাহুল গান্ধীৰ এই মন্তব্যই আজি কেইবাটাও তাৎপৰ্যপূৰ্ণ দিশৰ উন্মোচন কৰিলে বুলি চৰ্চিত হৈছে৷