কলিয়াবৰৰ চুলুং আৰক্ষীৰ বৃহৎ সফলতা। দুধৰ্ষ ড্ৰাগছ মাফিয়া আব্দুল মালেকক গ্ৰেপ্তাৰ কৰা হৈছে । তেজপুৰৰ চানমাৰীৰ দিগন্ত দাস নামৰ যুৱকজনৰ হত্যাতো আব্দুল মালেক জৰিত আছিল বুলি সন্দেহ কৰা হৈছিল। ১০০ টকাৰ ড্ৰাগছৰ বাবেই হত্যা কৰা হৈছিল দিগন্ত দাসক। কলিয়াবৰৰ আমবাগানৰ ৪ নং ভূৰবন্ধাৰ পৰা ড্ৰাগছ মাফিয়া আব্দুল মালেকক আটক কৰাৰ পিছতেই পোহৰলৈ আহিছে ঘটনাৰ সবিশেষ তথ্য।
আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ অহা অনুসৰি, ২০২১ বৰ্ষৰ বৰদিনৰ আগনিশা তীৰ্থাংকৰ ৰয় নামৰ এজন বন্ধুৰ সৈতে আমবাগানৰ আব্দুল মালেকৰ ঘৰত ড্ৰাগছ খাবলৈ আহিছিল দিগন্ত দাস। তাতে ১০০ টকাৰ ড্ৰাগছৰ বাবে সংঘাত সৃষ্টি হয় দিগন্ত, তীৰ্থাংকৰ আৰু ড্ৰাগছ বেপাৰী আব্দুল মালেকৰ মাজত। এই সংঘাতৰ পিছতে তীৰ্থাংকৰ আৰু আব্দুল মালেকে মিলি এখন কুঠাৰৰে মূৰত মৰিয়াই হত্যা কৰে দিগন্তক।
জানিব পৰা মতে, নিশাই মৃতদেহটো চুলুঙৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত পেলাই থৈ যায় হত্যাকাৰীয়ে। ২৫ ডিচেম্বৰৰ পুৱা কলিয়াবৰৰ চুলুঙত উদ্বাৰ হৈছিল দিগন্তৰ মৃতদেহ। লগতে উদ্ধাৰ হৈছিল দিগন্ত দাসৰ বাইকখন। চুলুং আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান কৰি ইতিমধ্যে হত্যাকাণ্ডত জৰিত তীৰ্থাংকৰক আটক কৰাৰ পিছতে ঘটনাৰ লগত ড্ৰাগছৰ যোগসূত্ৰ পোহৰলৈ আহে। অৱশেষত চুলুং আৰক্ষীৰ জালত পৰে আমবাগানৰ দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া আব্দুল মালেক। আব্দুল মালেকৰ গ্ৰেপ্তাৰৰ পিছতেই মাত্ৰ ১০০ টকাৰ ড্ৰাগছৰ বাবেই যে এই হত্যাকাণ্ড সংঘটিত হৈছিল সেই কথা স্পষ্ট হৈ পৰিছে।