শনিবাৰে নগাঁৱত এণ্টি নাৰ্কটিক স্কোৱাডৰ দলৰ এছ আই প্ৰদীপ বণিয়াই ছাত্ৰ নেতা কীৰ্তি কমল বৰাক ভৰিত গুলীয়াই আহত কৰাৰ পিছতে সমগ্ৰ ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে নগাওঁ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত নগাওঁ চহৰত মহাবিদ্যালয়খনৰ ছাত্ৰই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পথ অৱৰোধৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰে। ইয়াৰোপৰি নগাওঁ আছুৱেও আনন্দ মিশ্ৰ বাহিনীৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলে অভিযুক্ত এছ আই প্ৰদীপ বণিয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে আনন্দ মিশ্ৰৰ নিলম্বনৰ দাবী উত্থাপন কৰিছে।
ইয়াৰ মাজতে জানিবলৈ পৰা মতে নগাওঁ আৰক্ষীয়েও কীৰ্তি কমলৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে। নগাওঁ সদৰ থানাত বিতৰ্কিত এছ আই প্ৰদীপ বণিয়াৰ এজাহাৰৰ ভিত্তিত কীৰ্তি কমল বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ।
ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪/৩২৫/৩৫৩/৩০৭/ আৰু R/W Sec ২১ (এ) ২৯ এন ডি পি এছ আইনৰ অধীনত ১৩০/২২ নম্বৰত গোচৰ ৰুজু কৰা হৈছে। ইফালে বিতৰ্কিত এছ আই প্ৰদীপ বণিয়াৰ বিৰুদ্ধেও কীৰ্তি কমলৰ পৰিয়ালে সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে।
উল্লেখ্যে যে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকা নগাওঁ কাণ্ডৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অতিৰিক্য় মুখ্য সচিব পৰৱন বৰঠাকুৰৰ নেতৃত্বত এক তদন্ত কমিটী গঠন কৰি দিছে। এই এজনীয়া তদন্ত কিমিটীখনে ৭ দিনৰ ভিতৰত সমগ্ৰ ঘটনাৰ প্ৰতিবেদন দাখিল কৰিব।