নুমলীগড় শোধনাগাৰৰ মাৰ্কেটিং টাৰ্মিনেলত শুকুৰবাৰে এক দুৰ্ঘটনা সংঘটিত হয়৷ টাৰ্মিনেলৰ ভিতৰৰ পৰা ওলাই অহা ইউ পি ২৩ এ টি ৩৭০৪ নম্বৰৰ ৱাক্স ভৰ্তি ট্ৰাকখনৰ চেপাত ইছুক পানি নামৰ এজন অস্থায়ী শ্ৰমিকৰ মৃত্যু হয়৷ ট্ৰাকখনৰ তলত কাম কৰি থাকোতেই উক্ত ঘটনাতো সংঘটিত হয় ৷
ইতিমধ্যেই নুমলীগড় আৰক্ষীয়ে শ্ৰমিকজনক উদ্ধাৰ কৰি মুমূৰ্ষুু অবস্থাত এন আৰ এল বিবেকানন্দ কেন্দ্ৰ হাস্পিতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ মাৰ্কেটিং টাৰ্মিনেলৰ লৰী পাৰ্কিংত বিশৃংখলভাবে চালকসকলে ট্ৰাক – টেংকাৰসমূহ পাৰ্কিং কৰাৰ ফলতে এনে ঘটনা সংঘটিত হোৱা বুলি শ্ৰমিক সকলে অভিযোগ কৰিছে৷