ডিলাৰৰ দৰে বাইকেৰে ভৰি পৰিল আৰক্ষী থানা। লাহৰীঘাট আৰু মৰিগাওঁ আৰক্ষীৰ অভিযানত ৫ টা চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰা হয় ১৪ খনকৈ চুৰি বাইক। লাহৰীঘাট আৰক্ষীয়ে মগিৰাওঁ আৰক্ষীৰ লগত যৌথ অভিযান চলাই বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰে চুৰি বাইকসমূহ।
আনহাতে আৰক্ষীয়ে এই অভিযানত গ্ৰেপ্তাৰ কৰিছে ৫ টা চোৰক। ধৃত চোৰ কেইটা ক্ৰমে ছাদ্দাম হুছেইন (২৪) হৰজত আলী (২৬) হায়াৎ উল্লাহ (২০) বাহাৰুল ইছলাম (২৮) আৰু চৰিফ ইছলাম (১৮)। উল্লেখ্য যে আৰক্ষীয়ে উদ্ধাৰ কৰা ১৪ খন বাইকৰ অধিকাংশৰে নাই নম্বৰ প্লেট। এই আটাইকেইখন বাইকৰে আনুমানিক মূল্য প্ৰায় ৫ লাখ টকা। উক্ত চুৰি ঘটনা সন্দৰ্ভত লাহৰীঘাট আৰক্ষীয়ে ৩০৪ /২০২২ U/s- ৩৭৯ /৪১১ /৩৪ IPC ধাৰাত গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে |