লামডিং ৰেলৱে আৰক্ষীয়ে আজি বৃহৎ পৰিমাণ বিস্ফোৰক সামগ্ৰী জব্দ কৰে। লামডিং ৰেলৱে ষ্টেচনৰ ৪ নম্বৰ প্লেটফৰ্মৰ জিৰণি কোঠাৰ পৰা৫৮০ জিলেটিন ৰোল সহ বৈদ্যুতিক তাৰৰ সৈতে এজন লোকক আটক কৰা হয়।
বিস্ফোৰক সামগ্ৰী কঢ়িয়াই অনা ব্যাক্তি জনৰ ঘৰ ডিমা হাছাও জিলাৰ হাফলংত আৰু উক্ত বৃহৎ সংখ্যক বিস্ফোৰক সামগ্ৰীখিনি ব্যক্তিজনে ডিমাপুৰলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল বুলি জানিব পৰা গৈছে। ইতিমধ্যে ৰেল আৰক্ষী আৰু ৰেল সুৰক্ষা আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনৰ লগত আৰু ব্যক্তি জড়িত থকা সন্দেহ প্ৰকাশ কৰাৰ লগতে তদন্তৰ খাতিৰত গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ নাম ব্যক্ত কৰাৰ পৰাও বিৰত থাকে আৰক্ষী।