মহানগৰীত ঘটিল লিফ্ট সৰি পৰাৰ দৰে ভয়ংকৰ ঘটনা। গুৱাহাটীৰ ছাত্রীবাৰীৰ জি এছ টাৱাৰত এই ঘটনাটো সংঘটিত হৈছে।
কাৰিকৰী বিজুতিৰ বাবেই লিফ্টটো সৰি পৰিল বুলি অনুমান কৰা হৈছে। দুৰ্ঘটনাটো হোৱাৰ সময়ত লিফ্টটোত মুঠ ১০ জন লোক আছিল আৰু তাৰে ভিতৰত কেইবাটাও শিশুও আছিল।
উল্লেখ্য যে, ৬ জন লোকৰ বহন ক্ষমতা থকা লিফ্টটোত ১০ জনকৈ লোক উঠাৰ বাবেই এই অঘটন হোৱাৰ আশংকা কৰিছে সচেতন মহলে। এই ঘটনাত শিশুসহ কেইবাজনো লোক আহত হৈছে বুলি জানিব পৰা গৈছে।