মহানগৰীৰ গণেশগুৰিত ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত নিহত হ’ল এগৰাকী ছাত্ৰী। হাতীগাওঁস্থিত লিটিল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়া কুমাৰী জ্যেষ্ঠ ভগ্নীৰে স্কুটিত বিদ্যালয়লৈ গৈ থকাৰ অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনা। আনহাতে ঘটনাত গুৰুতৰ ভাৱে আহত হৈছে নিহত প্ৰিয়াৰ জ্যেষ্ঠ ভগ্নীগৰাকী। তেওঁক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। স্থানীয় লোকৰ মতে অতি দ্ৰুত বেগেৰে যোৱা ৰয়েল গ্ল’বেল স্কুলৰ এখন বাছে গণেশমন্দিৰ পাৰ হোৱাৰ পাছতে এম এল এ হোষ্টেলৰ কাষতে সংঘটিত কৰে এই দুৰ্ঘটনা।
উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত হোৱা স্থানতে ৰাজপথৰ মাজলৈকে জাইকাই পাইপ মেৰামতিৰ বাবে খান্দি থৈছে এটা প্ৰকাণ্ড গাত। স্থানীয় লোকৰ মতে উন্মুক্ত অৱস্থাত থকা এই গাতটোৰ বাবেই সংঘটিত হ’ল এই দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাছখনে। স্থানীয় ৰাইজে ইয়াৰ পাছতে ৰাজপথতে ৰয়েল গ্ল’বেল স্কুলৰ আন আন বাছসমূহ আৱদ্ধ কৰি ৰাখে। ফলত গোটেই পথছোৱাত যানবাহনৰ চলাচল প্ৰায় স্তব্ধ হৈ পৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰায় ১ ঘণ্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষী উপস্থিত হোৱাৰ পাছতে পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰে। ৰাইজে আৱদ্ধ কৰি থোৱা স্কুল বাছ কেইখনক যাবলৈ দিয়াত পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ লগতে স্থানীয় লোকে আৰক্ষীক জবাবদিহি কৰে।
জানিব পৰা মতে পলায়ন কৰা বাছখন বশিষ্ঠ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু চালকজনকো আটক কৰিছে।