অৱশেষত আত্মসমৰ্পণ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়ে। লেখাপানী আৰক্ষী থানাত আত্মসমৰ্পণ কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় ৰাহুল ছেত্ৰীক। ৯ দিন ধৰি পলাতক হৈ আছিল ৰাহুল ছেত্ৰী।
ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে চমজি লৈছে ৰাহুলক। বিগত কেইদিনত অৰুণাচল প্ৰদেশত আত্মগোপন কৰি আছিল ৰাহুলে। নিৰাপত্তাহীনতাত ভুগি আত্মগোপন কৰি থকা বুলি এটা ভিডিঅ’ত উল্লেখ কৰে ৰাহুলে। এতিয়া আইনী প্ৰক্ৰিয়াত সহযোগ কৰিব বুলিও প্ৰকাশ কৰে ৰেগিং কাণ্ডৰ অভিযুক্তজনে।
গ্ৰেপ্তাৰৰ পিছতে ৰাহুল ছেত্ৰীয়ে ক’লে – ‘‘এই ঘটনাত মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই। কেনেকৈ মোৰ নাম সাঙোৰ খাইছে মই নিজে আচৰিত হৈছো। যোৱা কিছুদিনত ধূৱলি–কুঁৱলী পৰিৱেশৰ সৃষ্টি হ’ল, যাৰ বাবে মই আঁতৰি থাকিব লগা হ’ল। মোক এজন ধুৰন্ধৰ অপৰাধী হিচাপে দেখুওৱা হ’ল। সামাজিক মাধ্যমত কয়লা মাফিয়া ৰূপে দেখুওৱা হৈছে। নিৰাপত্তাহীনতাত ভুগি মই আঁতৰি আছিলো। মোক লগ পালেই যেন মাৰি পেলাব। কিন্তু এতিয়া মই আইনী প্ৰক্ৰিয়াত সহযোগ কৰিবলৈ ওলাই আহিছো।’’
ৰাহুলে কয়, মোক ৱাণ্টেড বনাই দিয়া হ’ল, সামাজিক মাধ্যমত আক্ৰমণ কৰা হ’ল। সকলোৱে জানে ন্যায়ৰ নামত কেনেকৈ এনকাউণ্টাৰ হৈ আছে। মই এতিয়া আইনক সহায়–সহযোগ কৰিব বিচাৰিছো। এই ৰেগিং কাণ্ডৰ তদন্ত হওক, সত্য আৰু ন্যায় প্ৰতিষ্ঠা হওক। ময়ো ন্যায় বিচাৰিছো আৰু আনন্দ শৰ্মায়ো ন্যায় পাওক।