শুনিলেই গাৰ নোম শিঁয়ৰি উঠিব এটা ভয়ংকৰ ঘটনা ৷ লখিমপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা ৷ কোনো সুস্থ মানসিকতাৰ ব্যক্তিয়ে এনে ঘটনা সংঘটিত কৰিব নোৱাৰে ৷
হাতত ছিন্ন মুণ্ড লৈ থানাত এজন প্ৰৱেশ কৰিছে এজন লোক । লোকজনৰ তেজেৰে লুতুৰি পুতুৰি শৰীৰ ৷ এনে চিনেমাৰ দৰে ঘটনা বাস্তৱত সংঘটিত হৈছে ৷ হাতত পত্নীৰ কটা মূৰ লৈ শনিবাৰে নিশা লীলাবাৰী থানাত উপস্থিত হ’ল এজন লোক ৷
লোকজনৰ নাম মইনুল আলী ৷ শনিবাৰে নিশা প্ৰায় দহ বজাত দুই সন্তানৰ সন্মূখতে পত্নীক শিৰচ্ছেদ কৰে মইনুলে ৷ তাৰ পাচত পত্নীৰ কটা মূৰ হাতত লৈ আহি থানাত উপস্থিত হৈ আত্মসমৰ্পন কৰে হত্যাকাৰী মইনুল আলীয়ে ৷
জানিব পৰা মতে, দীৰ্ঘদিনৰ পৰা পত্নীক শাৰীৰিক অত্যাচাৰ চলাই আহিছিল মইনুলে ৷ আনকি হত্যাৰ আগদিনাও ঘৰৰ সা-সম্পদ ভাঙি থান-বান কৰি কাপোৰত জুই লগাই দিছিল ৷ পৰিয়ালৰ লোকৰ মতে, যোৱা কিছু দিনৰ পৰা মইনুলৰ অস্বাভাৱিক আচৰণ প্ৰত্যক্ষ কৰিছিল তেওঁলোকে ৷ তাৰ পাচতেই শনিবাৰে নিশা মইনুলে সংঘটিত কৰিলে এই নাৰকীয় কাণ্ড ৷ ইতিমধ্যে আৰক্ষীয়ে মইনুলৰ পত্নীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷