ʼআহাৰ মাহত বাৰীত পকে আম, কঠাল, জামʼ। হয়, এতিয়া আম, কঁঠালৰ বতৰ। কিন্তু এই বানপানীয়ে জুৰুলা কৰাৰ লগতে মূল্যবৃদ্ধিয়ে কুঙা কৰাৰ সময়ত আপোনাৰ বাৰীৰ পৰা যদি কোনোবাই দুটামান আম চোৰ কৰে, তেতিয়া?
হয়, দুটামান আম গছৰ পৰা পাৰি খোৱাৰ বাবেই দিছপুৰ থানাত পৰিল এখন এজাহাৰ। এজাহাৰখন দিছিল দিছপুৰৰ বিধায়ক অতুল বৰাই। বৰাৰ বিধায়ক আৱাসৰ পৰা আম চুৰি কৰিছিল চোৰে! পলম নকৰি বিধায়ক আবাসৰ আম চোৰৰ সন্ধানত নামি পৰিল আৰক্ষী। আৰু আম চোৰক কৰায়ত্ত কৰি থানৈৰ আলহী কৰা হ’ল এজন ব্যক্তিক।
উল্লেখযোগ্য যে, বিধায়ক অতুল বৰাৰ বিধায়ক আবাস গৃহত থকা আম গছৰ পৰা আম চুৰিৰ অভিযোগত সুভাষ নামৰ এজন লোকৰ বিৰুদ্ধে গোচৰ দিছিল বিধায়কগৰাকীয়ে। বিধায়কগৰাকীৰ গোচৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে তেওঁক আটক কৰে। আটকাধীন লোকজনৰ বিধায়ক কলনিতে আছে জেৰক্সৰ দোকান।