অৱশেষত মৰিয়নিৰ দুই নিৰুদ্দিষ্ট কিশোৰীয়ে অভিভাৱকৰ হাতত ধৰা দিলে। অভিভাৱকৰ সৈতে এই দুই কিশোৰী জলপাইগুৰিৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হৈছে। জানিব পৰা মতে বহিঃৰাজ্যত অভিভাৱকে গৈ উদ্ধাৰ কৰা দুই ছাত্ৰীক গুৱাহাটীত চমজি লব অসম আৰক্ষীয়ে।
গুৱাহাটী ৰেল ষ্টেচনত দুই ছাত্ৰীক চমজি লব দিছপুৰ আৰক্ষীয়ে। আৰু দিছপুৰ আৰক্ষীৰ পৰা চমজি লব মৰিয়নি আৰক্ষীয়ে। বহিঃৰাজ্যত ছাত্ৰী দুগৰাকীৰ সম্ভেদ পায়ো আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পৰিৱৰ্তে অভিভাৱকে উদ্ধাৰ কৰা কাৰ্যক লৈ ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলত।
উল্লেখ কৰা প্ৰয়োজন যে, মৰিয়নিৰ এই নিখোজ দুই ছাত্ৰীক বেংগালুৰুৰ পৰা আহি থকা অৱস্থাত বিহাৰত উদ্ধাৰ কৰিছে পৰিয়ালৰ লোকে।