নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ এশ মেগৱাট ৰিপ্লেচমেণ্ট প্ৰকল্পত মঙলবাৰে নিশা প্ৰায় ১০.৩৫ বজাত লিউব (lube) অইল পৰিবাহী পাইপ ফাটি ভয়ানক অগ্নিকাণ্ড সংঘটিত হয়। শক্তি উৎপাদন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষৰ পৰা প্ৰাপ্ত তথ্য মতে কালি নিশা ১০.৪০ বজাত NRPPৰ ( নামৰূপ ৰিপ্লেচ মেণ্ট পাৱাৰ প্ৰজেক্ট )প্ৰকল্প গৃহত দহ মিটাৰ উচ্চতাত অৰ্থাৎ প্ৰথম মহলত থকা লুব অইল পৰিবাহী পাইপ হঠাৎ ফাটি যায়।
তীব্ৰ গতিত তেল পৰিবাহিত পাইপ ফাটি সমগ্ৰ তেল মাটিৰ পৰা চাৰি মিটাৰ উচ্চতাত থকা ষ্টীম তাৰবাইনৰ ওচৰৰ হট জ’ন এৰিয়াত পৰাৰ ফলত দাওদাও কৈ জুই জ্বলি যায়। তেল বৈ যোৱাৰ সমান্তৰালকৈ জুইয়ো যেনি-তেনি বিয়পি যায়। লগে লগে সাৰ উদ্যোগ আৰু এ পি এলৰ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত তৎক্ষণাত নিৰ্বাপক বাহিনী উপস্থিত হৈ দুঘণ্টা নিৰন্তৰ চেষ্টাৰ অন্তত জুই নুমোৱাবলৈ সক্ষম হয়।
অগ্নিকাণ্ডত ষ্টীম টাৰবাইনটোৰ কিছু ক্ষতি হৈছে বুলি কৰ্তৃপক্ষই সন্দেহ প্ৰকাশ কৰিছে। আনহাতে জুইত ষ্টীম টাৰবাইনৰ সংযোগী বিভিন্ন কেবোল, বিভিন্ন সহকাৰী অংশ জ্বলি ধংশ হৈ গৈছে বুলিও জানিব পৰা গৈছে।
উল্লেখ্য যে, বিগত বৰ্ষত ১৬ জুলাইৰ পৰা ব্যৱসায়িক উৎপাদন আৰম্ভ কৰা এশ মেগৱাত উৎপাদনক্ষম ৰিপ্লাছমেণ্ট প্ৰকল্পই বিগত বৰ্ষৰ নৱেম্বৰ মাহত আৰু চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত এশ শতাংশ প্লাণ্ট ভাৰ ক্ষমতাৰে ( plan load factor) নিৰ্ধাৰিত উৎপাদন সম্পূৰ্ণ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম শক্তি উৎপাদন কোম্পানী এন এছ পি চি, নীপকোৰ দৰে বিদ্যুৎ উৎপাদন কোম্পানীকো পিছ পেলাবলৈ সক্ষম হৈছে।