মহানগৰীৰৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ বালুঘাটত থকা ISUZU ৰ শ্ব’ৰূমত সংঘটিত হ’ল এক বিধ্বংসী অগ্নিকাণ্ড। ISUZU-বেনেলি শ্ব’ৰুমত সংঘটিত হোৱা এই অগ্নিকাণ্ডত ৪ খন ISUZU বাহন আৰু ৬ খন বেনেলি বাহন ভস্মিভূত হোৱাৰ লগতে প্ৰায় ১০ কোটি টকাৰ সম্পত্তি ধ্বংস হৈছে এই অগ্নিকাণ্ডত।
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ ব্যৱস্থা কৰিছে। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।