মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান (DGP) ৰূপে নিযুক্তি লাভ কৰিছে ড০ লাজ্জা ৰাম বিষ্ণইএ। অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হিচাপে কৰ্মৰত আছিল এল আৰ বিষ্ণই। ১৯৯১ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ (IPS) আছিল এল আৰ বিষ্ণই।
উল্লেখ্য যে, সোমবাৰে নিযুক্তি দিয়া হয় আৰক্ষী বিষয়াগৰাকীক। বিষ্ণই বি টি এ ডি (BTAD) ৰ সন্ত্ৰাসজৰ্জৰ সময়ত সেই এলেকাত উগ্ৰপন্থী সমস্যা সমাধানৰ দায়িত্বতো আছিল।