বিভিন্ন সময়ত বহু NGO, ৰিহাব চেন্টাৰ, শিশু গৃহ, বৃদ্ধাশ্ৰম বা অন্য প্ৰতিষ্ঠানৰ বিৰুদ্ধে টকা লুটি বেআইনী কাৰ্যকালাপত লিপ্ত হোৱাৰ অভিযোগ উঠি আহিছে।
ইয়াৰে মাজতে আজি মন্ত্ৰী পিযুষ হাজৰিকাই জুৰোডস্থিত এটা নিচা মুক্তি কেন্দ্ৰত চাডেন ভিজিট কৰাত পোহৰলৈ আহে ভয়ংকৰ তথ্য। মন্ত্ৰী গৰাকীয়ে শ্বেয়াৰ কৰা ভিডিঅ’ত দেখিবলৈ পোৱা যায় যে এটা সৰু কোঠাতে প্ৰায় ২০ জন ল’ৰা বহাই থোৱা হৈছে য’ত বিচনা এখনো নাই। ৰিহাব চেন্টাৰৰ এনে অৱস্থা দেখি ক্ষোভিত হৈ পৰে মন্ত্ৰীগৰাকী।
https://twitter.com/Pijush_hazarika/status/1565276892218810370?cxt=HHwWhICj_cnC_bgrAAAA
উল্লেখ্য যে, এমাহত এই ল’ৰা -ছোৱালীসকলৰ পৰা মাহত ১০ হাজাৰকৈ টকা লোৱা হয়। ঘটনা সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে লগতে ৰিহাবত থকা আটাইকেইজনকে অন্য স্থানলৈ স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ দিয়ে।
লগতে মন্ত্ৰীগৰাকীয়ে উক্ত স্থানত চোৱা চিতাৰ বাবে দুদিনৰ বাবে আৰক্ষী নিয়োগ কৰে। এই নিচা মুক্তি কেন্দ্ৰটোত প্ৰায় ৬০ গৰাকী ছোৱালীও আছে। লগতে এনে ৰিহাবৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে কয়। অতি শীঘ্ৰেই গুৱাহাটীৰ নিচা মুক্তি কেন্দ্ৰৰ মালিকসকলৰ লগত বৈঠকত মিলিত হব বুলিও কয় মন্ত্ৰীগৰাকীয়ে।