- অলপতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ নামত ভুৱা WhatsApp একাউণ্ট খুলি পইচা বিচাৰি সাংসদলৈ মেছেজ প্ৰেৰণ কৰাৰ বাতৰি পোহৰলৈ আহিছে।
- এনে দুষ্কাৰ্যত জড়িত দুৰ্বৃত্তক এতিয়াও আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাই।
- আনহাতে, উপ–ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ ক্ষেত্ৰতো অনুৰূপ ঘটনা সংঘটিত হৈছিল।
- অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তও তেনে দুষ্ট চক্ৰৰ বলি হৈছিল।
- অধ্যক্ষগৰাকীয়ে টুইটযোগে জনোৱা মতে, কোনো দুষ্ট চক্ৰই অধ্যক্ষৰ নামত ভুৱা WhatApp একাউণ্ট খুলি সাংসদ সকললৈ পইচা বিচাৰি মেছেজ কৰিছে।
- লোকসভাৰ অধ্যক্ষগৰাকীয়ে কোনো লোকে তেনে বাৰ্তা লাভ কৰিলে আওকাণ কৰিবলৈ আহ্বান জনাইছে।